মোৰ হৃদয়ৰ ধপধপনিৰ নাম ভাৰতবৰ্ষ

নীলিম কুমাৰ  

সৰুতে বিছনাৰ পৰা বাগৰি

মাটিৰ মজিয়াত পৰি ৰৈছিলো হেনো এদিন;

আৰু আই-পিতা আতৰিত হৈছিল সিদিনা

নকন্দা দেখি মই । মাটিত পৰি মই হেনো

নখেৰে আঁচুৰিছিলো তোমাক

হে ভাৰতবৰ্ষৰ মাটি

মই হেনো মুখত দিছিলো তোমাক

হে ভাৰতবৰ্ষৰ মাটি

 

সিদিনাই চাগে’ মোৰ তেজত মিলি গৈছিলা তুমি

সিদিনাই চাগে’ তোমাৰ মাটিৰ শীতলতাই

মোৰ ভিতৰৰ অগ্নিক চিনিছিল হে ভাৰতবৰ্ষ

যিদিনা বিছনাৰ পৰা বাগৰি তোমাৰ বুকুত পৰিছিলো

মহাভাৰতত শুনিছিলো তোমাক

গীতত মুখস্থ কৰিছিলো তোমাক

প্ৰাৰ্থনাত মাতিছিলো তোমাক ভাৰত জননী

তিৰংগা পতাকাৰ তলত থিয় হৈ

চালাম কৰিছিলো তোমাক

বন্দে মাতৰম্ ।

লৈ ফুৰিছো বুকুত তোমাক

য’লৈকে গৈছো হে ভাৰতবৰ্ষ !

 

মোৰ তেজৰ উত্ৰাবলে মোৰ মূৰৰ অস্থিৰতাই

মোৰ হৃদয়ৰ কাতৰতাই মোৰ অসুখ আৰু বিপৰ্যয়ে

মোৰ নিচাৰ অন্ধকাৰে মোৰ ইচ্ছা-অনিচ্ছাই

মোৰ স্বপ্নভংগতাই

একোৱেই

একোৱেই মচি নিব নোৱাৰিলে তোমাৰ নাম

মোৰ আত্মাৰ পৰা হে ভাৰতবৰ্ষ !

কিয়নো, যিদিনাই জানি-জানি মই

মুখত দিছিলো তোমাৰ মাটি

সিদিনাই মোৰ পেটত তুমি আহাৰ হৈছিলা

 

আহাৰৰ পৰা তেজ হৈ

এই যে মোৰ হৃদয়ত তুমি

ধপ্ ধপ্ কৰিছা

এই ধপধপনিৰ নাম ভাৰতবৰ্ষ

এই ধপধপনিৰ নাম ভাৰতবৰ্ষ

 

To read the English translation of this poem :

AKSHRA
error: Content is protected !!